বয়সে বলাব নোৱাৰা বিহুৱা ককাজন - 80 years old artist playing assamese traditional horn
নগাঁও জিলাৰ ৰাইডঙীয়াৰ এগৰাকী ৮২ বছৰীয়া ককা । বয়সে ভাতি দিলেও লোপ পোৱা নাই মনৰ শক্তি ৷ এতিয়াও শিঙা পেঁপা বজাই বছৰৰ বিহুটিক আদৰণি জনায় এইজন ককাই ৷ বিহু নৃত্যৰ লগতে, ঢোল বাদন, তাল বাদন কৰি নিজস্ব প্ৰতিভা বিকাশ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে এইগৰাকী অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ মানিক কলিতাই । শিল্পী গৰাকীৰ ম'হৰ শিঙৰ পেঁপাৰ মাতে ৰাইডঙীয়া অঞ্চললৈ কঢ়িয়াই আনিছে বিহুৰ আগলি বতৰা । ককাৰ সমান্তৰালকৈ আগবাঢ়িছে নাতি জাগৃতি কলিতাও । জাগৃতিয়ে ম'হৰ যুঁজ আৰু ভোগালী উৎসৱত বিহু নৃত্য কৰিবলৈও আখৰা অব্যাহত ৰাখিছে । উল্লেখ্য যে, ঐতিহ্যমণ্ডিত আঁহতগুৰি ম'হৰ যুঁজতো ম'হৰ শিঙৰ পেঁপা বজাব ককাই ।
Last Updated : Jan 13, 2020, 7:27 PM IST