অসম

assam

Road Accident at Manikpur : দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 8 গৰাকী

By

Published : Dec 6, 2021, 10:29 PM IST

Published : Dec 6, 2021, 10:29 PM IST

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাপাৰাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা(Road accident at Manikpur) । দুৰ্ঘটনাত শিশুসহ ৮ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত(8 people injured in road accident at Manikpur) ৷ পাতিলাদহাৰ পৰা বিজনী অভিমুখে এখন যাত্ৰীবাহী টেম্প’ গৈ থকাৰ সময়তে পিছফালৰ পৰা অহা এখন তীব্ৰবেগী টিআগ’ বাহনে টেম্প’খনক খুন্দিয়াই সংঘটিত কৰে এই দুৰ্ঘটনাৰ ৷ নম্বৰপ্লেটবিহীন চাৰিচকীয়া বাহনৰ খুন্দাত টেম্প’খন ৰাজপথত উলটি খাই পৰে । ফলত টেম্প’ত থকা শিশুসহ 8 গৰাকী লোক গুৰুতৰভাৱে আহত হয় । আহতসকলক ততাতৈয়াকৈ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইয়াৰে মাজৰ দুগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details