জিলা ঘোষণাৰ পিছত প্ৰথমবাৰৰ বাবে বজালীত উদযাপন স্বাধীনতা দিৱস - ৭৫ সংখ্যক স্বাধীনতা দিৱস
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বজালী জিলাতো দেওবাৰে অনাড়ম্বৰভাৱে পালন কৰা হয় ৭৫ সংখ্যক স্বাধীনতা দিৱস ৷ জিলা হিচাপে মৰ্যদা লাভ কৰাৰ পিছত পোন প্ৰথমবাৰৰ বাবে বজালীত পালন কৰা হয় স্বাধীনতা দিৱস ৷ বজালী সদৰ পাঠশালাস্থিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পতাকা উত্তোলন কৰি দিৱসটি আনুষ্ঠানিকভাৱে উদযাপন কৰে বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাস ৷ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কমসংখ্যক লোকৰ উপস্থিতিত স্বাধীনতা দিৱস পালন কৰা হয় জিলাখনত ৷ স্বাধীনতা দিৱস উপলক্ষে পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া সকলো কাৰ্যসূচী বাতিল কৰিছে জিলা প্ৰশাসনে ৷