হোজাইৰ শংকৰদেৱ নগৰত ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন
দেওবাৰে সমগ্ৰ দেশবাসীয়ে পালন কৰিলে দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস ৷ দেশৰ আন প্ৰান্তৰ সমান্তৰালকৈ হোজাই জিলাৰ শংকৰদেৱ নগৰত উলহ-মালহেৰে উদযাপন 75 সংখ্যক স্বাধীনতা দিৱস ৷ হোজাই জিলাৰ শংকৰদেৱ নগৰৰ কাছাৰী ময়দানত পুৱা ন-বজাত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে উপায়ুক্ত সাদনেক সিঙে ৷ সমগ্ৰ দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাই শংকৰদেৱ নগৰতো অতি বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় 75 সংখ্যক স্বাধীনতা দিৱস ৷ উপায়ুক্ত গৰাকীয়ে পতাকা উত্তোলন কৰাৰ পিছতেই হোজাই জিলাৰ বিভিন্ন বিদ্যালয়,মহাবিদ্যালয়,অসম আৰক্ষী আৰু এন চি চি আদিৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শন কৰা হয় ৷ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান,ভোৰতাল নৃত্য আদি প্ৰদৰ্শন কৰা হয় ৷
TAGGED:
75 সংখ্যক স্বাধীনতা দিৱস