অসম

assam

ETV Bharat / videos

ধুবুৰীত কেন্দ্ৰীয়ভাৱে 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন - 75th Independence Day celebrated in Dhuburi

By

Published : Aug 15, 2021, 9:32 PM IST

সমগ্ৰ দেশ তথা ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে ধুবুৰীতো উলহ-মালহেৰে উদযাপন কৰা হয় দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস ৷ প্ৰতিবছৰৰ দৰে এইবাৰো ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত কেন্দ্ৰীয়ভাৱে উত্তোলন কৰা হয় ৰাষ্ট্ৰীয় পতাকা ৷ পুৱা 9 বজাত পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত আন্বামুথন এমপিয়ে ৷ সম্পূৰ্ণ ক'ভিড প্ৰটকল অনুযায়ী এইবেলি ধুবুৰীৰ প্ৰতিটো প্ৰান্তত উদযাপন কৰা হয় দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস ৷ পেৰেডত অংশগ্ৰহণ কৰে আৰক্ষী,গৃহৰক্ষী বাহিনীয়ে ৷ এইবাৰ ক'ভিড প্ৰটকলৰ বাবে পেৰেডত অংশগ্ৰহণ কৰা নাই বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ স্কাউড আৰু গাইড তথা এন চি চিৰ গোটে ৷

ABOUT THE AUTHOR

...view details