ধৰ্মঘট : অনিদিষ্টকাললৈ নাপাব পাৰে ৰন্ধন গেছ
ক’ভিড মহামাৰীৰ মাজতে ৰাজ্যবাসীৰ বাবে দু-খবৰ । ৰাজ্যত ৰন্ধন গেছৰ নাটনিৰ সম্ভাৱনা প্ৰকট । বুধবাৰ অৰ্থাৎ 23 জুনৰ পৰা অনিদিষ্টকাললৈ বন্ধ থাকিব উত্তৰ পূৱৰ ৮ টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিৱহন সেৱা(LPG Transportation Services)৷ নৰ্থ ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ'টাৰ এছ’চিয়েচনে(North East Pact LPG Transporter Association) কেইবাদফীয়া দাবীত ৰূপায়ন কৰিছে ধৰ্মঘট । 2011 চনৰ পৰা বৰ্তমানলৈ থলুৱা যুৱকক বঞ্চিত কৰি বহিৰাগতক কামৰ নিবিদা দিয়াৰ ষড়যন্ত্ৰৰ প্ৰতিবাদত এই ধৰ্মঘট কৰিছে ট্ৰান্সপ'ৰ্টাৰ এছ’চিয়েচনৰ সদস্যসকলে । সেয়েহে বুধবাৰৰ পৰা উত্তৰ পূৱৰ ক্ৰমে উত্তৰ গুৱাহাটী, মিৰ্জা-সৰপাৰা, দুলীয়াজান, শিলচৰ, গোপানাৰী, ডিমাপুৰ, বঙাইগাঁও আৰু চেকমাইৰ বটলিং প্লান্ট বন্ধ থাকিব ।