কলগাছিয়াত বন বিভাগৰ অভিযানত ৭ খন অবৈধ কাঠৰ দোকান ছীল - Illegal wood shop
বৰপেটা জিলাৰ কলগাছিয়া অঞ্চলত বৰপেটা আঞ্চলিক বন বিষয়াৰ নিৰ্দেশত বনপালক মুনিন্দ্ৰ তালুকদাৰ আৰু ৰাতুল পাঠকৰ সহযোগত উপ বন সংপালক তপন কুমাৰ আৰু প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত বন বিভাগে অভিযান চলাই সাতখনকৈ অবৈধ কাঠৰ দোকান ছীল কৰে । অভিযানকাৰী দলটোৱে বাংকাভাঙা বজাৰৰ পৰা ২ খন আৰু লাংলা বজাৰৰ পৰা ৫ খনকৈ অবৈধ কাঠৰ দোকান ছীল কৰে । বন বিভাগৰ বিষয়াই অনুজ্ঞাপত্ৰ নোহোৱাকৈ ব্যৱসায় কৰাৰ অভিযোগত দোকানসমূহ ছীল কৰা হয় বুলি জানিবলৈ দিছে । ইফালে বন বিভাগৰ অভিযানৰ খবৰ পাই অবৈধ কাঠৰ ব্যৱসায়ীসকলে নিজৰ নিজৰ দোকান বন্ধ কৰি পলায়ন কৰে । বন বিভাগে অনুজ্ঞাপত্ৰ পালেহে ছীল কৰা দোকানসমূহ খুলি দিয়াৰ অনুমতি দিয়া হ’ব বুলি সদৰি কৰে ।