অসম

assam

By

Published : Sep 12, 2021, 8:51 AM IST

ETV Bharat / videos

হোজাইত ৰাষ্ট্ৰীয় লোক আদালতত নিষ্পত্তি ৬৬ টা গোচৰ

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰীৰ আহ্বানমৰ্মে শনিবাৰে অসমৰ অন্যান্য জিলাৰ লগতে হোজাইৰ শংকৰদেৱ নগৰৰ ন্যায়িক আদালতত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয় । হোজাই জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত শংকৰদেৱ নগৰৰ ন্যায়িক আদালতত অনুষ্ঠিত লোক আদালতত জিলাখনৰ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান, অসম শক্তি বিতৰণ কোম্পানীৰ লগতে মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বৈবাহিক বিবাদ সম্পৰ্কীয় গোচৰসহ ফৌজদাৰী, দেৱানী গোচৰ আদি নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছিল ৷ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিবে জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰীয় লোক আদালতত সকলো গোচৰ মিলাই মুঠ 66 টা গোচৰৰ মীমাংসা কৰা হয় ।

ABOUT THE AUTHOR

...view details