অসম

assam

By

Published : Feb 7, 2022, 10:22 PM IST

ETV Bharat / videos

Murdered in Guwahati: ৰহস্যজনক অৱস্থাত উদ্ধাৰ ৬০ ঊৰ্ধৰ মহিলাৰ মৃতদেহ

গুৱাহাটী মহানগৰীত পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী ৬০ ঊৰ্ধৰ মহিলাৰ মৃতদেহ (60-year-old woman allegedly murdered at Kalapahar in Guwahati) । নিশা দুৰ্বৃত্তই ঘৰৰ ভিতৰত প্ৰবেশ কৰি অনু হাজৰিকা নামৰ এগৰাকী মহিলাগৰাকীক হত্যা কৰি থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ (woman identified as Anu Hazarika) । দেওবাৰে নিশা সংঘটিত হৈছে এই ৰহস্যজনক হত্যাকাণ্ডতো । প্ৰাপ্ত খবৰ অনুসৰি মহানগৰীৰ কালাপাহাৰ গোপীনাথ নগৰৰ তাৰা হীৰা কমপ্লেক্সৰ স্বতাধিকাৰী আছিল মৃত অনু হাজৰিকা নামৰ মহিলাগৰাকী । অকলশৰীয়া বৃদ্ধা মহিলা গৰাকীৰ লগত বহু দিনৰে পৰা আছিল এগৰাকী কেয়াৰটেকাৰো । দুৰ্বৃত্তই মৃত মহিলাগৰাকী ঘৰৰ পৰা নগদ ধনকে ধৰি সোণ আ-অলংকাৰ আদি লুট কৰাৰ ওপৰিও ঘৰৰ আঁচ-বাব আৰু চিচিটিভি কেমেৰা ভাঙি থৈ গৈছে । ফটাশিল আৰক্ষী থানাৰ অন্তৰ্গত কমপ্লেক্সৰটোত মহিলা গৰাকীয়ে স্বামী আৰু পুত্ৰৰ বিয়োগৰ পিছত বিগত সময়চোৱাত অকলে বাস কৰি আহিছিল । ঘটনাস্থলীত আৰক্ষী লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰুণোত্তৰ পৰীক্ষা বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান ৷

ABOUT THE AUTHOR

...view details