অসম

assam

ETV Bharat / videos

বেংকৰ পৰা ধন লৈ আহোঁতেই কাঢ়ি নিলে দুৰ্বৃত্তই - আৰক্ষী

By

Published : Jul 5, 2021, 7:32 PM IST

দিন দুপৰতে পাঠশালাৰ সমীপৰ কেন্দুগুৰিৰ চ’কত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা ৷ ৰাজীৱ শৰ্মা নামৰ যুৱকজনৰ পৰা দুৰ্বৃত্তই লুটি নিলে ৫০ হাজাৰ টকা । ঘটনা অনুসৰি সোমবাৰে পুৱা ভাগত পাঠশালা ষ্টেত বেংকৰ পৰা ৰাজীৱ শৰ্মাই মাতৃৰ সৈতে মোকলাই আনিছিল 50 হাজাৰ টকা ৷ ধন খিনি লৈ মাতৃ সৈতে ঘৰলৈ গৈ থকা অৱস্থাতে দুজন দুৰ্বৃত্তই কাঢ়ি লৈ যায় । এই সমগ্ৰ ঘটনাটো বন্দী হৈছে কেন্দুগুৰি তৰুণ সংঘই স্থাপন কৰা 'CCTV' কেমেৰাত । উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিছতে ভুক্তভোগী যুৱক জনে পাঠশালা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উক্ত ঘটনাটোৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব ঘটনাটোত কোন কোন লোক জড়িত হৈ আছে ৷

ABOUT THE AUTHOR

...view details