ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি : প্ৰভাৱিত দুই লক্ষাধিক লোক
নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি। ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশ আৰু ভূটানত যোৱা কিছুদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ কেইবাখনো উপনৈ বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ ফলত জলমগ্ন হৈ পৰিছে ৰাজ্যৰ বৃহৎ এলেকা। প্ৰায় দুই লাখ মানুহ প্ৰভাৱিত হৈছে দ্বিতীয়টো বানত। উজনি আৰু নামনি অসমৰ বিস্তীৰ্ণ এলেকা বুৰ গৈছে বাঢ়নী পানীত ৷ বিগত কেবাদিনো ধৰি অব্যাহত আছে দ্বিতীয়টো বানৰ তাণ্ডৱ, বৰ্তমানলৈকে ৰাজ্যৰ ১১খনকৈ জিলা বানৰ কবলত পৰিছে আৰু প্ৰায় দুই লাখ লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত। ৬২০০০ তকৈও অধিক লোক গৃহহাৰা হৈছে বছৰটোৰ এই প্ৰথমটো বানত। এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ...