মাটিৰ দালালি কৰাৰ অভিযোগত বজালীত 17 জনক আটক
মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ হোৱাৰ পিছতে অভিযান তীব্ৰতৰ কৰিছে বজালী আৰক্ষীয়ে । ইতিমধ্যে বজালী জিলাৰ প্ৰায় ১৭ জন লোকক মাটিৰ দালালি কৰাৰ অভিযোগত পাটাছাৰকুছি থানালৈ সোধ-পোচ বাবে আটক কৰি অনা হৈছে ৷ বজালী অতিৰিক্ত আৰক্ষীৰ অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি সোধ-পোচ কৰিবলৈ অনা ব্যক্তি কেইগৰাকীৰ ঘৰতো তালাচী অভিযান চলাব প্ৰশাসনৰ লোকে ।