অসম

assam

ETV Bharat / videos

বাক্সাত ১১৮ সংখ্যক দৌল যাত্ৰা মহোৎসৱ

By

Published : Mar 29, 2021, 7:31 AM IST

শতিকা পুৰণি বাক্সাৰ ভোগপাৰাত উদযাপিত হৈছে ১১৮ সংখ্যক দৌল মহোৎসৱ । দেওবাৰৰ পৰা অনুষ্ঠিত হোৱা বাক্সাৰ একমাত্ৰ পুৰণি ১১৮ সংখ্যক ভোগপাৰা দৌল মহোৎসৱত ভক্তৰ লানি নিছিগা সোঁত বৈছে । দৌল মহোৎসৱ সমিতিৰ উপদেষ্টা ঘনশ্যাম নাথে জানিবলৈ দিয়া মতে, ৰাধা কৃষ্ণৰ মূৰ্তিটো প্ৰথমাৱস্থাত বিজনীত আছিল যদিও ইয়াৰ পৰৱৰ্তী সময়ত স্থানীয় লোকে মুছলপুৰস্থ প্ৰয়াত সাংসদ ধৰণীধৰ বসুমতাৰীৰ বাসগৃহত সংস্থাপন কৰে । ১৯০৩ চনত ভোগপাৰা অঞ্চলৰ লোকসকলে প্ৰয়াত সাংসদ গৰাকীৰ বাসগৃহৰ পৰা ৰাধা-কৃষ্ণৰ মূৰ্তিটো আনি ভোগপাৰা অঞ্চলত স্থাপন কৰাৰ পিছৰে পৰাই প্ৰতি বছৰে পালন কৰা হৈছে দৌল মহোৎসৱ । কৰ'ণাৰ ভয়াৱহতা চলি থাকিলেও সম্পূৰ্ণ ক'ভিড নিয়ম-নীতিৰে দৌল মহোৎসৱ উদযাপন কৰা বুলি উল্লেখ কৰে উপদেষ্টা ঘনশ্যাম নাথে ৷ উৎযাপনস্থলীত ভক্তৰ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ৷

ABOUT THE AUTHOR

...view details