গুৱাহাটীত অনুষ্ঠিত হ’ব ‘‘আই পি এল‘‘ - RIYAN PARAG Rajasthan Royals
গুৱাহাটীত অনুষ্ঠিত হ’ব 2020 বৰ্ষৰ আই পি এলৰ মেচ ৷ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এলৰ কেইবাখনো উত্তেজনা পূৰ্ণ মেচ ৷ এইবাৰ টেলিভিচনত নহয় স্বয়ং খেলপথাৰতেই উপভোগ কৰিব পাৰিব অসম সন্তান ৰিয়ান পৰাগৰ খেল ৷ কাৰণ আই পি এলত ঘৰুৱা খেলপথাৰ হিচাপে বৰ্ষাপাৰা ষ্টেডিয়ামক ব্যৱহাৰ কৰিব ৰাজস্থান ৰয়লেছ দলটোৱে ৷ বুধবাৰে এই কথা সদৰী কৰে ৰাজস্থান ৰয়েলছৰ কতৃপক্ষই ৷ গুৱাহাটীত দুখনতকৈ অধিক মেচত অংশগ্ৰহণ কৰিব ৰাজস্থান দলটোৱে ৷