Russia Ukraine War: ইউক্ৰেইনত বৰ্তমানেও আৱদ্ধ হৈ আছে ডিব্ৰুগড়ৰ ছয়জনকৈ শিক্ষাৰ্থী - Russian invasion of ukraine
ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকাৰ ভয়াবহ যুদ্ধ পৰিৱেশৰ মাজত আৱদ্ধ হৈ আছে অসমৰ একেখন জিলাৰ ছয়জনকৈ শিক্ষাৰ্থী (Assamese students stranded in Ukraine) । ডিব্ৰুগড়ৰ চিৰিং চাপৰি তৰুণৰাম ফুকনৰ নিৱাসী প্ৰেমানন্দ শৰ্মা ঠাকুৰ আৰু অঞ্জনা শৰ্মা ঠাকুৰৰ একমাত্ৰ কন্যা ৰীয়া শৰ্মা বৰ্তমান আৱদ্ধ হৈ আছে ৰোমানিয়া ইন্টাৰনেচনেল এয়াৰপৰ্টত । Vinnytsia National pirogov Medical Universityৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী ৰীয়াই 28 ফ্ৰেব্ৰুৱাৰীত ইউক্ৰেইনৰ যুদ্ধৰ পৰিৱেশৰ মাজেৰে ৰোমানিয়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অগ্ৰসৰ হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । সমান্তৰালকৈ চৌকিডিঙী নিৱাসী ডাঃ এ.কে শৰ্মা, আৰু শান্তনা শৰ্মাৰ একমাত্ৰ পুত্ৰ চিন্ময় শৰ্মাও ইউক্ৰেইন আৰু ৰোমানিয়া সীমান্তৱৰ্তী অঞ্চলত আৱদ্ধ হৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । UZROD নেচনেল ইউনিভাৰ্চিটিৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ চিন্ময়ৰ এদিন পূৰ্বে নিশা পৰিয়ালৰ লোকৰ সৈতে টেলিফোনিক বাৰ্তালাপ হৈছিল যদিও বৰ্তমান বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ । ইফালে Oddessa National Medical University ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ জাভেদ আহমেদও বৰ্তমান ৰোমানিয়াত আৱদ্ধ হৈ আছে । সমান্তৰালকৈ চহৰখনৰ পুলিচ ৰিজাৰ্ভৰ দৰ্শন পাঠক, অনয়া দাস, মৰাণৰ অনচুল ভাটিয়াকে ধৰি মুঠ ছয়জন শিক্ষাৰ্থী হাংগেৰী, পোলেণ্ড, ৰোমানিয়া এয়াৰপৰ্টত আৱদ্ধ হৈ আছে আৰু ইয়াৰ পিছতেই পৰিয়ালৰ সদস্য সকলৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ।
Last Updated : Feb 3, 2023, 8:18 PM IST