অসম

assam

ETV Bharat / videos

মুক্তি পালে সাহোৰ ট্ৰেইলাৰ !

By

Published : Aug 11, 2019, 10:50 AM IST

বহু অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই শেহতীয়াকৈ মুক্তি পালে বাহুবলী ষ্টাৰ প্ৰভাস আৰু বি-টাউনৰ জনপ্ৰিয় অভিনেতা শ্ৰদ্ধা কাপুৰৰ আহিবলগীয়া ছবি সাহোৰ ট্ৰেইলাৰ ৷ 2 মিনিট 47 ছেকেণ্ড দৈৰ্ৰ্ঘ্যৰ এই ট্ৰেইলাৰটো সম্পূৰ্ণৰূপে একচনেৰে সমৃদ্ধ ৷ হিন্দী,তামিল,তেলেগু আৰু মালায়ালাম ভাষাত মুঠ চাৰিটা ভাষাত মুক্তি পাইছে ছবিখনৰ ট্ৰেইলাৰ ৷ চলচ্চিত্ৰখন ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ সৰ্ববৃহৎ একচন থ্ৰিলাৰ হিচাপে চিহ্নিত হোৱাৰ আশংকা কৰিছে অনুৰাগীসকলে ৷300 কোটি বাজেটৰ চলচ্চিত্ৰখনত প্ৰভাস আৰু শ্ৰদ্ধা কাপুৰৰ বাহিৰেও জেকী শ্ৰফ , নীল নিতীন মুকেশ,মন্দিৰা বেদী, মহেশ মাঞ্জেৰকাৰ ,আৰু চাংকী পাণ্ডেৰ দৰে বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে ৷ উল্লেখ্য যে, অনুৰাগীৰ বহু প্ৰত্যাশিত এই চলচ্চিত্ৰখন ছবিগৃহলৈ আহিব অহা 30 আগষ্ট তাৰিখে ৷

ABOUT THE AUTHOR

...view details