অসম

assam

By

Published : Mar 24, 2021, 3:10 PM IST

ETV Bharat / videos

"দিঠকত হেৰাল সপোন"ৰ কলা-কুশলীৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ইতিমধ্যে সাংস্কৃতিক মহলকে ধৰি বিভিন্ন মাধ্যমত বিশেষ চৰ্চা লাভ কৰা নতুন অসমীয়া ছবি "দিঠকত হেৰাল সপোন"। ২৩ এপ্ৰিলত মুক্তি লাভ কৰিবলগীয়া ছবিখনে ইতিমধ্যে বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত কেবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । মাকনপ্ৰিয়া প্ৰডাকচনৰ বেনাৰত অজিত বৰ্মনে প্ৰযোজনা কৰা ছবিখনিৰ চিত্ৰনাট্য, সংলাপ ৰচনা কৰিছে পংকজ পল্লৱ শৰ্মাই । তদুপৰি পংকজ পল্লৱ শৰ্মাই চলচ্চিত্ৰখন পৰিচালনাও কৰিছে । আনহাতে ছবিখনত নাগাৰা নামৰ যশস্বী পাঠক ৰামচৰণ ভড়ালী, ভ্ৰাম্যমাণ থিয়েটাৰৰ এসময়ৰ মোহনীয় অভিনেত্ৰী মণি বৰা, জৰ্জীয়া মেধী, অজিত বৰ্মন, পংকজ পল্লৱ শৰ্মা, দিগন্ত কুমাৰ নাথ, দ্বিজেন্দ্ৰ শৰ্মাকে ধৰি বহু ন-পুৰণি শিল্পীয়ে অভিনয় কৰিছে । ইপিনে ছবিখনৰ সংগীত পৰিচালনা কৰিছে অপূৰ্ব বেজবৰুৱা আৰু অজিত বৰ্মনে ৷ তদুপৰি ছবিখনৰ গীতত কণ্ঠদান কৰিছে কণ্ঠশিল্পী ড° অনিমা চৌধুৰী, সুকন্যা গোস্বামী, দেবৰ্চনা কাশ্যপ আৰু অজিত বৰ্মনে । উল্লেখ্য যে, মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত "দিঠকত হেৰাল সপোন" ৰ পোষ্টাৰ মুকলি কৰা হয় । এই পোষ্টাৰ মুকলি কৰে খ্যাতনামা ছবি নিৰ্মাতা মঞ্জু বৰুৱাই ৷

ABOUT THE AUTHOR

...view details