কাৰ ওপৰত ক্ষোভিত হৈছে কংগনা ৰাণাৱত ?
কংগনা ৰাণাৱতে শেহতীয়াকৈ নিজৰ ক্ষোভ প্ৰকাশ কৰে মিডিয়াযোগে ৷ তেওঁ ক্ষোভ উজাৰে অধিবক্তা ইণ্ডিৰা জয়সিঙৰ ওপৰত ৷ ইণ্ডিৰা জয়সিং যি, নিৰ্ভয়াৰ মাতৃক চাৰিগৰাকী দোষীক মৃত্যুদণ্ডৰ পৰা ৰেহাই দিবলৈ ক্ষমা আবেদন কৰিছিল ৷ কংগনা ৰাণাৱতে এই সন্দৰ্ভত নিজৰ ক্ষোভ প্ৰকাশ কৰি কয়, অধিবক্তাগৰাকীকো দোষীকেইজনৰ সৈতে কাৰাগাৰত বন্দী কৰি ৰাখিব লাগে ৷