অসম

assam

কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড

By

Published : Feb 14, 2020, 5:39 PM IST

Published : Feb 14, 2020, 5:39 PM IST

দ্বিতীয় মায়ানগৰীলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ কাৰণ সকলো জল্পনা কল্পনাৰ অন্ত পেলাই কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব ফিল্মফেয়াৰ এৱাৰ্ড ৷ ইতিমধ্যে 24 গৰাকী বলীউড তাৰকাই ফিল্মফেয়াৰ এৱাৰ্ডত উপস্থিত থকাৰ কথা নিশ্চিত কৰে ৷ এইবাৰ ফিল্মফেয়াৰ এৱাৰ্ডত ঘোষক ৰূপত দেখিবলৈ পোৱা যাব বিকি কৌশল আৰু কৰণ জোহৰক ৷ ফিল্মফেয়াৰত অংশ ল'ব অসমৰ জুবিন গাৰ্গ,সীমা বিশ্বাস,নিপন গোস্বামীয়ে ৷ অনুষ্ঠানৰ 90 শতাংশ টিকট ক্ৰয় কৰিছে অসমৰ লোকে ৷

ABOUT THE AUTHOR

...view details