অসম

assam

মুক্তি পালে ফিল্মফেয়াৰ এৱাৰ্ড 2020ৰ প্ৰম'

By

Published : Jan 29, 2020, 1:13 PM IST

শেহতীয়াকৈ মুক্তি পালে 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডৰ প্ৰথমটো প্ৰম' ৷ জনপ্ৰিয় তথা প্ৰসিদ্ধ অভিনেত্ৰী ভূমি পেডনেকাৰে এটি সুন্দৰ বিহু টিজাৰৰ জৰিয়তে প্ৰচাৰ কৰে 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানৰ প্ৰথমটো প্ৰম' ৷ টাইমচ গ্ৰুপৰ দ্বাৰা আয়োজিত এই সাংস্কৃতিক তথা বঁটা প্ৰদান অনুষ্ঠানত 2019 বৰ্ষৰ শ্ৰেষ্ঠ ভাৰতীয় হিন্দী ছবিৰ বিভিন্ন শিতানত এই সমূহ বঁটা প্ৰদান কৰা হ'ব ৷ 15 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব লগা এই বঁটা প্ৰদান অনুষ্ঠানটোৰ ঘোষকৰ ৰূপত অৱৰ্ত্তীণ হ'ব বলীউড চুপাৰষ্টাৰ শ্বাহৰুখ খান ৷ এইখিনিতে উল্লেখনীয় যে, সম্পূৰ্ণ 6টা দশকৰ পিছত প্ৰথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব ৷

ABOUT THE AUTHOR

...view details