"মাম্মা" বুলি মাাতিলে ভামিকাই, আনন্দিত হৈ ভিডিঅ' শ্বেয়াৰ কৰিলে অনুষ্কাই - নৱবৰ্ষ উদযাপনৰ সময়ৰ ভিডিঅ'ও শ্বেয়াৰ
বলীউডৰ অভিনেত্ৰী তথা প্ৰযোজক অনুষ্কা শৰ্মা আৰু তেওঁৰ স্বামী তথা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে এইবাৰ দক্ষিণ আফ্ৰিকাত পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে নৱবৰ্ষ উদযাপন কৰিছে । এই আনন্দৰ সময়তে অনুষ্কাই শ্বেয়াৰ কৰিছে এটা ভিডিঅ', য'ত তেওঁৰ ১১ মহীয়া কন্যা ভামিকাই তেওঁক "মাম্মা" বুলি মাতিছে (Vamika calls Anushka as 'Mumma') । লগতে নৱবৰ্ষ উদযাপনৰ সময়ৰ ভিডিঅ'ও শ্বেয়াৰ কৰিছে অনুষ্কাই (Anushka Sharma's New Year Video) । সোমবাৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় টেষ্ট মেচৰ বাবে বৰ্তমান দক্ষিণ আফ্ৰিকাতে আছে অনুষ্কা-বিৰাট । অনুষ্কা শৰ্মাই শেহতীয়াকৈ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে আৰু এই ভিডিঅ'টোতে ভামিকাই তেওঁক "মাম্মা" বুলি সম্বোধন কৰা শুনা হৈছে । অৱশ্যে ভামিকাক ভিডিঅ'টোত দেখুওৱা নাই । ভিডিঅ'টো শ্বেয়াৰ কৰি অনুষ্কাই লিখিছে যে, এই বছৰটোৱে তেওঁলোকক আটাইতকৈ ডাঙৰ সুখ দিছে । সেয়ে তেওঁ ২০২১ বৰ্ষটোক কৃতজ্ঞতাৰে বিদায় জনায় । ২০২১ চনৰ ৩১ ডিচেম্বৰৰ সন্ধিয়া অনুষ্কাই এই ভিডিঅ'টো শ্বেয়াৰ কৰে । ভিডিঅ'টোত বিৰাটক বগা কেজুৱেল টি-চাৰ্ট পিন্ধা দেখা গৈছিল আৰু অনুষ্কাক ক'লা আৰু বগা ৰঙৰ সুন্দৰ পোছাক পৰিধান কৰা দেখা গৈছিল । কেক কাটি নৱবৰ্ষ উদযাপন কৰা দেখা গৈছিল সকলোকে(Anushka-Virat New Year celebrations) । উল্লেখ্য যে, বিগত বৰ্ষত মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভামিকাক জন্ম দিছিল অনুষ্কাই ।
Last Updated : Jan 2, 2022, 6:52 AM IST