এবাৰ চকু মুদি শুনক তেওঁৰ কন্ঠ
সম্প্ৰতি সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰা এগৰাকী মহিলা,এই মহিলাগৰাকীৰ এটা ভিডিঅ'ক দৰ্শকে চাইছে সাত মিলিয়নৰো অধিক বাৰ ৷ ছ'চিয়েল মিডিয়াত অতি জনপ্ৰিয় হৈ পৰা এই ভিডিঅটোত ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত সাধাৰণ জীৱন যাপন কৰা এগৰাকী মহিলাই লতা মংগেশকাৰৰ “এক প্যাৰ কা নগমা হেঁ” শীৰ্ষক গীতটিত কন্ঠ নিগৰাইছে ৷ কিছু সময়ৰ বাবে চকু মুদি যদি এই মহিলা গৰাকীৰ কন্ঠ শুনে আপোনাৰ এনে অনুভৱ হব সেইয়া যেন লতা মংগেশকাৰৰহে কণ্ঠ ৷ পশ্চিম বংগৰ এটা ৰেলৱে ষ্টেচনৰ পৰা ফেচবুক লাইভ যোগে প্ৰচাৰ হোৱা এই ভিডিঅ'ই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে ৷