অসম

assam

ETV Bharat / videos

ফিল্মফেয়াৰ বঁটা লাভ কৰি উৎফুল্লিত আলায়া - wednesday

By

Published : Mar 31, 2021, 12:53 PM IST

'ফিল্মফেয়াৰ বঁটা মোৰ জীৱনৰ এটা ডাঙৰ লক্ষ্য আছিল'- ফিল্মফেয়াৰ বঁটা লাভ কৰি উৎফুল্লিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে পূজা বেদীৰ কন্যা তথা অভিনেত্ৰী আলায়াই । বিগত বৰ্ষত 'জৱানী জানেমন' ছবিৰ জৰিয়তে ছবিজগতত খোজ পেলোৱা আলায়াই ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী ফিল্মফেয়াৰ বঁটা । আলায়াই কয় যে, তেওঁ বিশ্বাস কৰে যে কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফলাফল লাভ কৰিব পাৰি । ইফালে, মঙলবাৰে উন্মোচন কৰা 'আজ ছজেয়া' শীৰ্ষক মিউজিক ভিডিঅ'ত আলায়াই অভিনয় কৰিছে । মিউজিক ভিডিঅ'টো মুকলি কৰি আলায়াই কয় যে, তেওঁ আত্মবিশ্বাসী যে এই গীতটোৱে শীঘ্ৰেই প্ৰতিটো বিবাহ অনুষ্ঠানৰে গীতৰ তালিকাত স্থান পাব । পূৰ্বে 'জৱানী জানেমন' ছবিখনৰ বিষয়ে আলায়াই কৈছিল যে, তেওঁ ছবিখনত অভিনয় কৰিবলৈ পাই সঁচাকৈয়ে কৃতজ্ঞ । বিগত বৰ্ষত এই ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ যথেষ্ট প্ৰশংসা লাভ কৰিছিল বুলিও মন্তব্য কৰে আলায়াই । তেওঁ ছবিখনত ছৈইফ আলী খান আৰু তাবুৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰিছিল ।

ABOUT THE AUTHOR

...view details