হঁহুৱাই হঁহুৱাই কন্দুৱাই গ'ল জগদ্বীপে, ভাইৰেল হ'ল শেষৰটো ভিডিঅ' - জাৱেদ জাফৰী
নিজৰ কমেডীৰ দ্বাৰা দৰ্শকক হাঁহিৰ খোৰাক দিয়া জনপ্ৰিয় কমেডীয়ান জগদ্বীপৰ দেহাৱসান ঘটে বুধবাৰে ৰাতি প্ৰায় 8.30 মান বজাত ৷ 81 বছৰ বয়সত শাৰীৰিক অসুস্থতাৰ বাবেই মৃত্যুবৰণ কৰে অভিনেতাগৰাকীয়ে ৷ শেহতীয়াকৈ তেওঁৰ শেষৰ ভিডিঅ'টো যথেষ্ট ভাইৰেল হৈ পৰিছে ৷ এই ভিডিঅ'টো জাৱেদ জাফৰীয়ে 2018 বৰ্ষত পিতৃৰ জন্মদিনত টুইট কৰিছিল ৷