Municipal Election 2022: হিয়াধাকুৰি কন্দাৰ আগতে বৰপেটাবাসীক বুজালে বিদ্যাসাগৰে
ভুলতেও যদি বৰপেটাবাসীয়ে বিজেপিৰ বাহিৰে আন দলৰ প্ৰাৰ্থীক ভোট দিয়ে, তেনেহলে ফলাফল ঘোষণাৰ পিছত হিয়াধাকুৰি কান্দিব লাগিব বৰপেটাবাসীয়ে ৷ বৰপেটা পৌৰসভা নিৰ্বাচনৰ(Municipal Election 2022) প্ৰচাৰ চলাবলৈ গৈ কণ্ঠশিল্পী তথা বিজেপি কৰ্মী বিদ্যাসাগৰে ক’লে এনেদৰে (Vidyasagar campaign at Barpeta)৷ ভোটাৰৰ ঘৰে ঘৰে গৈ, বয়োজ্যেষ্ঠসকলৰ ভৰি চুই, শিশুসকলক মৰম কৰি, কোলাত তুলি ৱাৰ্ডে ৱাৰ্ডে প্ৰচাৰত ব্যস্ত বিদ্যাসাগৰৰ লগতে জয়ন্ত দাস আদি বিজেপি নেতা ৷ বৰপেটা পৌৰসভা দখলৰ যুঁজত এইবাৰ মৰণপণ যুঁজেৰে নামি পৰিছে গেৰুৱা দলতো ৷ ভোটাৰৰ মন পাবলৈ বিজেপি নেতা কৰ্মীসকল নামি পৰিছে প্ৰচাৰ অভিযানত ৷ ইপিনে সত্ৰনগৰী বৰপেটাৰ বিখ্যাত হোলীগীতৰ লগতে লোকগীতৰ সুৰ, গীত মাত কথাৰে ভোটাৰৰ মন জয় কৰাৰ লগতে বিজেপিক ভোট দিয়াৰ আহ্বান শিল্পীগৰাকীৰ ৷
Last Updated : Feb 3, 2023, 8:18 PM IST