অসম

assam

By

Published : Feb 19, 2022, 8:43 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / videos

চান্দা সংস্কৃতি বেয়া : শিল্পী বিপিন চাউদাং

"চান্দা সংস্কৃতি বেয়া, দুটামান সংগঠনেহে চান্দা তোলে" শনিবাৰে মৰাণত উপস্থিত হৈ শিল্পী বিপিন চাউদাঙে এইদৰে মন্তব্য কৰে ৷ লগতে "এইবাৰ চৰকাৰে ক’ভিডৰ সকলো নিৰ্দেশনা উঠাই দি বহাগ বিহু পাতিবলৈ দিয়াক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে শিল্পী সকলে ৷ যিহেতু বিগত দুটা বছৰত কোনো অনুষ্ঠান নোহোৱাত পানীত হাঁহ নচৰা অৱস্থা হৈছে শিল্পীসকলৰ । অসমত মই আটাতকৈ বেছি বিহু প্ৰগেম কৰোঁ‌ । গাঁও অঞ্চল বিলাকত বেছি প্ৰগেম কৰোঁ । তেওঁলোকে চান্দা নোতোলে, দান বৰঙনিৰেই বিহু পাতে । সেয়ে চান্দা সংস্কৃতি বন্ধ হ'লেও শিল্পী সকলৰ বিশেষ অসুবিধা নহয় "এইদৰে সাংবাদিকৰ আগত মন্তব্য কৰিছে শিল্পী বিপিন চাউদাঙে (Singer Bipin Chawdang reacts on 'Chanda' culture) । ইয়াৰোপৰি, চান্দা সংস্কৃতি বেয়া, দুটামান সংগঠনেহে চান্দা তুলি বিহু পাতে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে বুলি শিল্পীজনে দৃঢ়তাৰে মন্তব্য কৰে ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

...view details