অসম

assam

By

Published : Feb 12, 2022, 2:05 PM IST

Updated : Feb 3, 2023, 8:11 PM IST

ETV Bharat / videos

Toilet বিচাৰি বিজেপিৰ সভাত শ্বেৰমান আলী

টয়লেট বিচাৰি বিজেপিৰ কাৰ্যনিৰ্বাহক সভা পালেগৈ দুই নাঁৱত দুই ভৰিৰ দৰে অৱস্থাত থকা শ্বেৰমান আলী (Sherman Ali in BJP meeting) । গোপন উদ্দেশ্যৰ কথা বহুতে অনুমান কৰিলেও সেই কথা স্বীকাৰ নকৰিলে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে ৷ হঠাৎ সাংবাদিকৰ মুখামুখি হোৱাত একপ্ৰকাৰৰ নাৰ্ভাচ হৈ পৰা শ্বেৰমান আলিয়ে সাংবাদিকৰ সন্মুখত দুবাৰত দুটা কাৰণ ব্যক্ত কৰিলে শ্বেৰমান আলিয়ে ৷ গুৱাহাটী মাছখোৱাস্থিত আই টি এ কমপ্লেক্সত অনুস্থিত হৈ থকা বিজেপিৰ সভাত হঠাৎ শ্বেৰমান আলীৰ এন্ট্ৰীয়ে পৰিৱেশ সুকীয়া কৰি তুলিলে৷ সকলো উৎসুক হৈ পৰিল বিতৰ্কৰ মাজত থকা শ্বেৰমান আলীৰ ছাদেন ভিজিটৰ কাৰণক লৈ ৷ মুখ্যমন্ত্ৰী উপস্থিত থকা বি জে পিৰ সাংগঠনিক সভাত বিধায়ক শ্বেৰমান আলীয়ে প্ৰৱেশ কৰা ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত লাভ কৰিছে বিশেষ চৰ্চা । শ্বেৰমান আলীয়ে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰাৰ আগমমূহুতত সাংবাদিকৰ দলৰ মুখামুখী হোৱাৰ বাবে সভাকক্ষত প্ৰৱেশ নকৰিলে যদিও কোনো মন্ত্ৰীক লগ কৰিবলৈ অহা বুলিও এবাৰ মন্তব্য কৰিলে ৷ পিছত আকৌ এবাৰ পস্ৰাৱগাৰ বিচাৰিহে অহা বুলি ক’লে ৷ তেওৰ মতে, তাত বিজেপিৰ সভা চলি থকা বুলি জনাই নাছিল । ইয়াকে লৈ স্বাভাৱিকতে সৃষ্টি হৈছে ৰহস্যৰ । একাংশই ক’লে, চুচুক-চামাককৈ নমতা সভাত প্ৰৱেশৰ বাবে গৈছিল শ্বেৰমান আলি, আন একাংশই আকৌ ক’লে, মুখ্যমন্ত্ৰীক লগ কৰি কিবা এটা ক’বলৈহে গৈছিল শ্বেৰমান ৷ কাৰণ প্ৰায় স্পষ্ট যদিও, বিজেপিৰ সভাস্থলীলৈ কংগ্ৰেছৰ নিলম্বিত বিধায়কৰ এনে আগমনে আমোদ দিলে বহুতক ৷
Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

...view details