অসম

assam

ETV Bharat / videos

নলবাৰীত অনিৰ্দিষ্ট কাললৈ বন্ধ ইউৰিয়া সাৰৰ বিক্ৰী - কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি

By

Published : Mar 25, 2022, 10:44 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

নলবাৰী জিলাত শুকুৰবাৰৰে পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব ইউৰিয়া সাৰৰ বিক্ৰী (Sale of urea fertilizers stopped indefinitely)। ইতিমধ্যে নলবাৰী জিলা খুচুৰা সাৰ বিক্ৰী সন্থাই ঘোষণা কৰিছে জিলাখনৰ সকলো সাৰৰ দোকান বন্ধৰ কথা । ফলত ইয়াকে লৈ কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ । চৰকাৰী নিৰ্ধাৰিত মূল্য ২৬৬ টকাত প্ৰতি বেগ সাৰ বিক্ৰী কৰিব নোৱাৰাৰ বাবে জিলাখনত অনিৰ্দিষ্ট কাললৈ সাৰৰ দোকান বন্ধৰ ৰখাৰ সিদ্ধান্ত লৈছে খুচুৰা সাৰ বিক্ৰী সন্থাই । ৩২০/৩০টকা মূল্যত সাৰ ক্ৰয় কৰি চৰকাৰে নিৰ্ধাৰণ কৰা মূল্যতকৈ কম দামত বিক্ৰী কৰিব লগা হোৱাত উচিত মূল্য বিচাৰি এতিয়া জাঙুৰ খাই উঠিছে খুচুৰা সাৰ বিক্ৰী সন্থা । লগতে সাৰৰ ক্ৰয়-বিক্ৰীৰ বাবে উচিত মূল্য নিৰ্ধাৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই অনিৰ্দিষ্ট কাললৈ সাৰৰ দোকান বন্ধৰে সাব্যস্ত কৰিছে প্ৰতিবাদ ।
Last Updated : Feb 3, 2023, 8:20 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details