ওৰাং ৰাষ্টীয় উদ্যানত ২০২২ বৰ্ষৰ গড় গণনা সম্পূৰ্ণ - Rhino Population Increases at Orang National Park
১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্টীয় উদ্যান হিচাপে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ওৰাং ৰাষ্টীয় উদ্যানত ২০২২ বৰ্ষৰ গড় গণনা সম্পূৰ্ণ(Rhino census of Orang National Park) । উদ্যানখনত বৃদ্ধি পালে ২৪ টাকৈ গড় (Rhino Population Increases at Orang National Park) । ইয়াৰ পূৰ্বে উদ্যানখনত আছিলে ১০১ টা গড় । কিন্তু এইবাৰ গণনাত পোৱা গ'ল মুঠ ১২৫ টা গড় ৷ মঙলদৈ বন্যপ্ৰাণী সংলণ্ডলৰ DFO প্ৰদিপ্ত বৰুৱাই সোমবাৰে জনালে এই তথ্য । সেই অনুসৰি উদ্যানখনত আছে মুঠ ৪৩ টা মতা গড়, ৪৯ টা মাইকী গড়, ২৩ টা পোৱালি গড় আৰু মতা মাইকী নিৰ্ণয় কৰিব নোৱাৰা গড়ৰ সংখ্যা হৈছে ১০ টা । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দৰং আৰু শোণিতপুৰ জিলাৰ ৭৮.৮১ বৰ্গ কিঃমি সামৰি থকা উদ্যানখনত ২৪ টাকৈ গড়ৰ বৃদ্ধিয়ে সম্প্ৰতি আশাৰ বতৰা কঢ়িয়াই আনিছে ।
Last Updated : Feb 3, 2023, 8:20 PM IST