পুনৰ আৰক্ষীৰ আতিশয্য: কিশোৰটিয়ে চিঞৰিছে, আৰক্ষীয়ে মাথো মাৰিছে আৰু মাৰিছে... - লাহৰীঘাট আৰক্ষী থানা কিশোৰক প্ৰহাৰ
লাহৰীঘাটত বিস্কুট চুৰিৰ অপৰাধত থানাৰ ভিতৰত কিশোৰৰ ওপৰত উপৰ্যুপৰি বেটৰ কোব আৰক্ষীৰ (Police thrash minor for stealing biscuits in Morigaon)। থানাৰ আৰক্ষীয়ে বেতেৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে কিশোৰটিক । জানিব পৰা মতে কিশোৰটিৰ বয়স ১৩ ৰ পৰা ১৪ বছৰৰ ভিতৰত । কিশোৰটিয়ে বেতৰ কোবৰ যন্ত্ৰনাত চট ফটাইছে আৰু চিঞৰি চিঞৰি চিঞৰি কৈছে - ‘‘আৰু নকৰো ছাৰ ! জীৱনতো নকৰোঁ ছাৰ ! ভৰিত ধৰিছো ছাৰ ! কাণত ধৰিছো ছাৰ !’’ তথাপিও এৰি দিয়া নাই গামোচা আৰু গেঞ্জী পৰিহিত চিৰস্তাদাৰ উপেন চন্দ্ৰ বৰদলৈয়ে । এইদৰে বহুসময় একেৰাহে কিশোৰটিৰ শৰীৰৰ ওপৰত আৰক্ষীয়ে বেটেৰে কোবাই কৰি গ’ল প্ৰহাৰ । এই অমানবীয় ঘটনাটো সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাত । লাহৰীঘাট থানাৰ চৌহদত থকা এখন গাড়ীৰ পৰা বিস্কুট চুৰি কৰিবলৈ গৈ ধৰা পৰাৰ বাবেই কিশোৰটিৰ ওপৰত এইদৰে অত্যাচাৰ চলালে আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:20 PM IST