অসম

assam

Separate State of Kamtapur; কোঁচ ৰাজবংশীসকলে মোক বৰ্জন কৰিয়েই থাকে : জুবিন গাৰ্গ

By

Published : Jan 16, 2023, 7:51 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

‘‘মোক বৰ্জন কৰিয়েই থাকে । আগতেও বহুবাৰ বৰ্জন কৰিছে ৷ সেইবোৰত মোৰ আপত্তি নাই । কিন্তু অসম ভাগ ভাগ হোৱাটো মই নিবিচাৰো । মই বৰ অসম বিচাৰো । কিন্তু বৰ অসম এতিয়া মাথোঁ সপোন ।’’ নগাঁৱত আয়োজিত ভোগালী উৎসৱত অংশ লৈ সাংবাদিকে কামতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলত জুবিন গাৰ্গক কৰা প্ৰশ্নৰ সন্দৰ্ভত এই মন্তব্য কৰে কণ্ঠশিল্পীগৰাকীয়ে(Zubeen Garg reacts on Separate State of Kamtapur) ৷

লগতে তেওঁ কয়, ‘‘কেএলঅ’ আলোচনালৈ অহাটো ভাল কথা । পৰেশ দাকো মই আহ্বান জনাইছো । অসমৰ ভালটো বিচাৰো’’ ৷ ইয়াৰ উপৰিও অসমীয়া ছবি সন্দৰ্ভতো মন্তব্য কণ্ঠশিল্পীগৰাকীয়ে (Zubeen Garg on Assamese Movie) । তেওঁ কয়, ‘‘অসমীয়া ছবিৰ ভাল দিন আহি আছে এই বছৰটোত ৷ ডাঃ বেজবৰুৱা সকলোৱে চাওঁক (Assamese Movie Doctor bezbaruah 2) । এখন ভাল চিনেমা ডাঃ বেজবৰুৱা । মই নিজেও অভিনয় কৰিছো । এই বছৰতে মোৰ ছবি চিকাৰ আহি আছে । লণ্ডনত শ্বুটিং চলিব চিকাৰৰ’’ ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details