অসম

assam

যোৰহাটত বোকা নৃত্য বা হেলমেট নৃত্যকো চেৰ পেলাই ধূলি নৃত্য

By

Published : May 13, 2023, 10:49 PM IST

ETV Bharat / videos

Zubeen Garg program : যোৰহাটত বোকা নৃত্য বা হেলমেট নৃত্যকো চেৰ পেলালে ধূলি নৃত্যই

যোৰহাট, 13 মে’:জুবিন গাৰ্গৰ অনুষ্ঠানত এইবাৰ বোকা নৃত্য বা হেলমেট নৃত্য নহয়, এইবাৰ ধূলি নৃত্য। ধূলি উৰুৱাই উৰুৱাই যোৰহাটত জুবিন গাৰ্গৰ গীতৰ তালে তালে  নাচিলে এদল অনুৰাগীয়ে (Zubeen Garg program in Jorhat) ৷ শুকুৰবাৰে নিশা যোৰহাটত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অনুষ্ঠানত ল’ৰালি ৰোমন্থন কৰিলে কণ্ঠশিল্পীগৰাকীয়ে ৷  কণ্ঠশিল্পীগৰাকীয়ে লগতে কয়, "মোৰ অনুষ্ঠানবোৰৰ কাৰণে আৰক্ষীসকলৰ বৰ কষ্ট হয় ৷ তেওঁলোকক বিশেষকৈ মোৰ অনুষ্ঠানৰ কাৰণে বগুৱা বাবলৈ প্ৰশিক্ষণ এটাও দিব লাগিব (Sand dance in jorhat) ৷ "  

উল্লেখ্য যে প্ৰিয় কণ্ঠশিল্পীগৰাকীৰ অনুষ্ঠান উপভোগ কৰিবলৈ অভূতপূৰ্ব ৰাইজ উপস্থিত হয় ৷ কিছুসংখ্যক জুবিন অনুৰাগীয়ে গছৰ ওপৰত বগাইও অনুষ্ঠান উপভোগ কৰে। 

লগতে পঢ়ক:Karnataka Poll Results: ভাৰত জোড়ো যাত্ৰাৰ প্ৰতিফলন কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফল: এটুৱা মুণ্ডা

ABOUT THE AUTHOR

...view details