অসম

assam

জুবিন গাৰ্গ

ETV Bharat / videos

Zubeen Garg musical concert: নলবাৰীৰ টিহু বাৰোৱাৰী বাসন্তী পূজাস্থলীত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান

By

Published : Mar 31, 2023, 2:06 PM IST

নলবাৰী, ৩১ মাৰ্চ :টিহুৰ নমাটি বাৰোৱাৰী শ্ৰী শ্ৰী বাসন্তী পূজা শতবৰ্ষ মহোৎসৱত বৃহস্পতিবাৰে নিশা সংগীত জগতৰ অদ্বিতীয় জুবিন গাৰ্গৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয় । দহদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই নমাটি বাৰোৱাৰী শ্ৰী শ্ৰী বাসন্তী পূজাৰ শতবৰ্ষ উৎসৱত বৃহস্পতিবাৰে নিশাৰ ভাগত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰে (Zubeen Garg) । এটাৰ পিছত আনটো জনপ্ৰিয় গীতেৰে মোহাচ্ছন্ন কৰিলে উপস্থিত জনতাক । 

বাসন্তী পূজাৰ নৱম দিনটোত আয়োজন কৰা হয় জুবিন গাৰ্গৰ সংগীতানুষ্ঠান (Zubeen Garg musical concert) । তুমি যেন পপীয়া তৰাৰে সংগীতানুষ্ঠান আৰম্ভ কৰি ড° বেজবৰুৱা এলবামৰ কি নাম দি মাতিম, মায়া, ৰুমাল, মনৰ নিজানত আদি কেইবাটাও জনপ্ৰিয় গীতেৰে জুবিন গাৰ্গে সৃষ্টি কৰিলে সুৰৰ মূৰ্ছনা । জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিলে বিশাল সংখ্যাক ৰাইজে । 

লগতে পঢ়ক :ভিন্ন ৰূপত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ

ABOUT THE AUTHOR

...view details