FIFA World Cup 2022 : কাটাৰ বিশ্বকাপ ফুটবলৰ দৰ্শকৰ শাৰীত জুবিন গাৰ্গ - Zubeen Garg supports Argentina
কাটাৰ বিশ্বকাপত দৰ্শকৰ শাৰীত হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ (Zubeen Garg in Qatar)। দৰ্শকৰ শাৰীত বহি আৰ্জেন্টিনাৰ সমৰ্থনত উল্লাস হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ (Zubeen Garg supports Argentina) । শিল্পীগৰাকীয়ে আৰ্জেন্টিনাক সমৰ্থন জনোৱা বিশেষ কাৰণ হ'ল মেছি । ডিঙিত অসমীয়াৰ স্বাভিমানী গামোছা লৈ লুচেইল ষ্টেডিয়ামত আনন্দ উল্লাস কৰা দেখা গ’ল হাৰ্টথ্ৰ'বগৰাকীক । শিল্পীগৰাকীৰ লগত দেখা গ'ল তেওঁৰ বহুকেইজন বন্ধুক । ব্যস্ততাপূৰ্ণ জীৱন এৰি এনেদৰে বিদেশৰ ভূমিত সময় উপভোগ কৰিলে জুবিন গাৰ্গে ৷ উল্লেখ্য যে, দৰ্শকৰ শাৰীত বহি দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ ফুটবল উপভোগ কৰিলে শিল্পী জুবিন গাৰ্গে ৷
Last Updated : Feb 3, 2023, 8:33 PM IST