অসম

assam

ডিব্ৰুগড় জিলাৰ মৰাণত সন্ধানহীন যুৱক

ETV Bharat / videos

Youths missing in Dibrugarh:মৰাণৰ দুজন যুৱকৰ আলফাত(স্বাধীনত)যোগদানৰ সন্দেহ - Youth missing in Moran

By

Published : Jun 7, 2023, 4:08 PM IST

মৰাণ, ৭ জুন: ডিব্ৰুগড় জিলাৰ মৰাণত ১১ দিনে সন্ধানহীন হৈ আছে দুজনকৈ যুৱক (Youth missing in Moran) । সন্ধানহীন যুৱক দুজন ক্ৰমে খোৱাং দুলীয়া লাহোৱাল গাঁৱৰ বিকি গগৈ (২৬) আৰু খোৱাং ৰাংচালি গাঁৱৰ ৰাকেশ গগৈ ওৰফে লাডেন (২৩)। দুয়োজন যুৱক যোৱা ২৬ মে'ৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছে । যাৰ বাবে দুয়োটা পৰিয়ালত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । যুৱক দুজনৰ সন্ধান বিচাৰি ইতিমধ্যে স্থানীয় খোৱাং আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে ।  

পৰিয়ালৰ লোকে চিনাকী লোক অথবা আত্মীয়ৰ লগত যোগাযোগ কৰিছে যদিও যুৱক দুজনৰ সন্ধান লাভ কৰা নাই (Missing news of Dibrugarh)। যুৱক দুজনে আলফাত (স্বাধীনত) যোগদান কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰৰ লোকৰ লগতে স্থানীয় ৰাইজে । ২৬ মে' সন্ধিয়া ঘৰৰ পৰা সন্ধানহীন হোৱা দুয়োজন যুৱকৰ হাতত মোবাইল আছিল যদিও সেই নিশাৰে পৰা মোবাইল বন্ধ হৈ আছে । দুটা দৰিদ্ৰ পৰিয়ালৰ দুজনকৈ অবিবাহিত যুৱক হঠাৎ সন্ধানহীন হৈ থকাত অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে । যদিহে যুৱক দুজন আলফা (স্বাধীনত) যোগদানৰ বাবে গৈছে, তেন্তে তেওঁলোকক ঘৰলৈ ঘূৰাই পঠিয়াবলৈ পৰেশ বৰুৱালৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক:Bihu musical intrument pepa with bamboo: লখিমপুৰৰ বিধায়কক আৱেগিক কৰি তুলিলে ইটিভিৰ বাতৰিয়ে

ABOUT THE AUTHOR

...view details