দেৰগাঁৱৰ জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত একাংশ উদণ্ড দৰ্শকৰ উদ্ভণ্ডালি - উদণ্ড দৰ্শকৰ উদ্ভণ্ডালি
Published : Jan 9, 2024, 12:35 PM IST
গোলাঘাট, ৯ জানুৱাৰী :দেৰগাঁৱৰ ঐতিহাসিক নৰেন শৰ্মা স্মৃতি পথাৰত ৪ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় নৃত্য নাট্য লোকসংগীত মহোৎসৱৰ সোমবাৰে আছিল অন্তিম দিন । এই অন্তিম দিনাৰ নিশা ভাগলৈ অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে । সোমবাৰে নিশা জনসমুদ্ৰলৈ ৰূপান্তৰিত হয় নৰেন শৰ্মা স্মৃতি পথাৰৰ বাকৰি ।
অনুষ্ঠান চলি থকাৰ মাজতে একাংশ উদণ্ড দৰ্শকে এফালৰ পৰা চকী ভাঙি এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰে । পৰৱৰ্তী পৰ্যায়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰা হয় আৰক্ষী বাহিনীৰ লোককো । কিন্তু কোনেও যেন কাৰো কথা শুনিবলৈ ধৈৰ্য নাই । উদণ্ড যুৱকে জুবিনৰ গীতত মাথোঁ নাচি নাচি এফালৰ পৰা ভাঙি চূৰমাৰ কৰে চকীসমূহ ।
উল্লেখ্য যে, ১৯৯৯ চনত প্ৰতিষ্ঠা হোৱা দেৰগাঁও নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়, সংগীত নাটক অকাডেমী, নুমলীগড় তেল শোধনাগাৰ আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত ৪ জানুৱাৰীৰ পৰা ৮ জানুৱাৰীলৈকে আয়োজন কৰা সৰ্বভাৰতীয় নৃত্য নাট্য লোকসংগীত মহোৎসৱৰ অনুষ্ঠিত কৰা হয় ।
মহোৎসৱত গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ, পঞ্জাৱ, কেৰালা, ওড়িশ্যা, পশ্চিমবংগ, তেলেংগানা, ছত্তীশগড়, মিজোৰাম, ত্ৰিপুৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ কেবাশতাধিক কলা কুশলীয়ে নৃত্য, নাট আদি পৰিৱেশন কৰে ।
লগতে পঢ়ক :অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবলৰ চূড়ান্ত বিজয়ী খিতাপ দখল কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ