অসম

assam

য়ুথ জোড়ো যাত্ৰা

ETV Bharat / videos

Youth Jodo Yatra: যুৱচামৰ বাবেই বিজেপি আহিছিল শাসনলৈ: জুৱেৰ আলম

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 4:03 PM IST

মাজুলী, 14 নৱেম্বৰ : মাজুলীত যুৱ কংগ্ৰেছৰ য়ুথ জোড়ো যাত্ৰা (Youth Jodo Yatra) কাৰ্যসূচী অনুষ্ঠিত হয় । যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুৱেৰ আলমে অংশগ্ৰহণ কৰা কাৰ্যসূচীত জিলাখনৰ শতাধিক কংগ্ৰেছ কর্মীৰ লগতে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয়, আজি কংগ্ৰেছ দলৰ না ৰাজ্যত চৰকাৰ আছে না কেন্দ্ৰত চৰকাৰ আছে তথাপিও মানুহ যেনেদৰে যুৱ কংগ্ৰেছৰ কাৰ্যসূচীত ওলাই আহিছে ইয়াৰ পৰা বুজিব পাৰি কংগ্ৰেছ দলৰ চৰকাৰ আকৌ আহি আছে । সভাপতি গৰাকীয়ে লগতে আৰু কয়, বিজেপি চৰকাৰ শাসনলৈ অহাৰ মূল কাৰণ আছিল যুৱ প্ৰজন্ম কিন্তু আজিৰ তাৰিখলৈ বিজেপি দলে যুৱ প্ৰজন্মৰ বাবে একো নকৰিলে । যাৰ বাবে যুৱ প্ৰজন্মই বুজি পাইছে বিজেপি দল শাসনত থাকিলে একো নহয় যাৰ বাবে যুৱ কংগ্ৰেছৰ এই কাৰ্যসূচীত যুৱ প্ৰজন্মই যথেষ্ট সঁহাৰি জনাইছে ।

যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত কয়, "ৰাইজৰ হৈ মাত মতাৰ বাবে যদি মামাই ৪৯ বাৰ জেললৈয়ো পঠাই, তেতিয়াও ওলাই আহি আকৌ কম মামা আমাক আকৌ জেললৈ পঠাই দিয়ক হাফ চেঞ্চুৰি কৰি আহিম, কিন্ত মামা আপুনি মনত ৰখা ভাল যে আপুনি ৰাজনীতিত আৰু ২০ বছৰ থাকিব কিন্তু আমি ৫০ বছৰৰ থাকিম, আমি যুৱ কংগ্ৰেছে কালৈকো ভয় নকৰো" । একাংশ আৰক্ষী বিষয়াক ৰাজহুৱা সভাত আক্ৰমণৰ লক্ষ্য কৰি লয় যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে । তেওঁ কয় একাংশ আৰক্ষী বিষয়া আজিকালি কেৱল বিজেপিৰ কাৰ্যকৰ্তা ৷ 

লগতে পঢ়ক :Youth Congress Rally : লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দৰং জিলা যুৱ কংগ্ৰেছৰ বিশাল ৰেলী

ABOUT THE AUTHOR

...view details