অসম

assam

By

Published : Dec 31, 2022, 7:05 AM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / videos

Road Accident in Jania: জনীয়াত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত দুজন ব্যক্তি

বৰপেটা জিলাৰ জনীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Jania) ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় দুজন লোক ৷ জনীয়াৰ ছাপৰা দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথত শুকুৰবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা । ঘটনাৰ বিৱৰণী অনুসৰি, জনীয়াৰ পৰা বৰপেটা অভিমুখে গৈ আছিল দুজন বাইক আৰোহী ৷ গৈ থকা অৱস্থাতে ছাপৰা গাঁৱৰ দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথত এজন পথচাৰীক নিয়ন্ত্ৰণ হেৰুৱাই পিছফালৰ পৰা খুন্দা মাৰে বাইকখনে (Bike accident in Jania)। ফলত বাইকৰ চালককে ধৰি পথচাৰীজন গুৰুত্বৰভাৱে আহত হয় । আহত পথচাৰীজন ছাপৰা গাঁৱৰ কেৰামত মোল্লাৰ পুত্ৰ ইকবাল হোছেইন বুলি জানিব পৰা গৈছে । পিছত ততাতৈয়াকৈ আহত দুয়োজনকে এম্বুলেঞ্চযোগে বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয় মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হয় ৷ শেহতীয়া তথ্য অনুসৰি, বাইক আৰোহীজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

...view details