অসম

assam

ভাৰাতীয়া যুৱক-যুৱতীৰ উদ্ভণ্ডালি, নিৰাপত্তাৰক্ষী আৰু স্বত্বাধিকাৰীক প্ৰহাৰ

ETV Bharat / videos

Youth hooliganism: ভাৰাতীয়া যুৱক-যুৱতীৰ উদ্ভণ্ডালি, নিৰাপত্তাৰক্ষী আৰু স্বত্বাধিকাৰীক প্ৰহাৰ - নিৰাপত্তাৰক্ষী আৰু স্বত্বাধিকাৰীক প্ৰহাৰ

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 6:11 PM IST

গুৱাহাটী, ২৮ আগষ্ট :মহানগৰীৰ অট্টালিকাৰ ভাৰাতীয়া ফ্লেটত প্ৰকৃততে চলে কি? ভাৰালৈ লোৱা ফ্লেটত চলে যুৱক-যুৱতীৰ উদ্ভণ্ডালি আৰু নিচাযুক্ত সামগ্ৰীৰ আড্ডা। এই ঘটনা সংঘটিত হৈছে বেলতলাৰ বশিষ্ঠপুৰ উপপথ নম্বৰ ৪ ৰ গৃহ নং ২১ ত। 

সোমবাৰে পুৱা হোৱা ভাৰাতীয়া যুৱক-যুৱতীৰ মাজৰ এক কাজিয়াৰ পিচতেই পোহৰলৈ আহে এই ঘটনা। যুৱককেইজনমানে কাজিয়া লগা দেখি অট্টালিকাটোৰ নিৰাপত্তাৰক্ষী আৰু স্বত্বাধিকাৰীয়ে কাজিয়াত বাধা প্ৰদান কৰাত দুয়োকে শাৰীৰিকভাৱে প্ৰহাৰ কৰে উত্তেজিত যুৱককেইজনে। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নিৰাপত্তাৰক্ষী আৰু স্বত্বাধিকাৰীগৰাকী । 

উল্লেখ্য যে, কিছুদিন পূৰ্বে ফ্লেটটো ভাৰালৈ লৈছিল যুৱককেইজনে। জানিব পৰা মতে ফ্লেটটোত প্ৰায়েই চলিছিল সুৰা, গাঞ্জাৰ আড্ডা। আৰক্ষীক খবৰ দিয়াৰ পূৰ্বেই অট্টালিকাটোৰ পৰা পলায়ন কৰে যুৱক-যুৱতীসকলে। পৰৱৰ্তী সময়ত হাতীগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱককেইজনৰ কোঠাত তালাচী চলাই জব্দ কৰে বহু পৰিমাণৰ সুৰা আৰু গাঞ্জা ৷

লগতে পঢ়ক:Operation against drugs : তিনি দিনত জব্দ ১.৬৪ কৌটি টকাতকৈ অধিক মূল্যৰ নিচাজাতীয় সামগ্ৰী

ABOUT THE AUTHOR

...view details