Youth Congress Protest: দুৰ্বল বিদ্যুৎ সেৱাৰ প্ৰতিবাদত কৰিমগঞ্জত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ - দুৰ্বল বিদ্যুৎ সেৱা
Published : Aug 31, 2023, 10:12 PM IST
কৰিমগঞ্জ, ৩১ আগষ্ট: অত্যাধিক লোডশ্বেডিঙৰ বিৰুদ্ধে বৃহস্পতিবাৰে কৰিমগঞ্জ এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে কৰিমগঞ্জ জিলা যুৱ কংগ্ৰেছ আৰু এনএছইউআইয়ে ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, ২৪ ঘণ্টীয়া বিদ্যুৎ সেৱাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি মিছা হৈ পৰিছে । অৱশ্যে বিল সংগ্ৰহৰ ক্ষেত্ৰত এপিডিচিএলে কঠোৰ মনোভাৱ গ্ৰহণ কৰিছে । বিল পৰিশোধ নকৰিলে সংযোগ বিচ্ছিন্ন কৰিবলৈ বিদ্যুৎ বিভাগে সুকীয়া দল গঠন কৰিছে । অৰ্থাৎ গ্ৰাহক সেৱাৰ কোনো উন্নতি নহ’লেও বিল সংগ্ৰহৰ ক্ষেত্ৰত কঠোৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছে । এনে পৰিস্থিতিত সীমান্তৱৰ্তী চহৰ কৰিমগঞ্জৰ সাধাৰণ ৰাইজে বিদ্যুতৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ।
তেওঁলোকে লগতে কয়, ২৪ ঘণ্টীয়া বিদ্যুতৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ আহিছিল বিজেপি চৰকাৰ । কিন্তু আজি ২৪ ঘণ্টাৰ পৰিৱৰ্তে কৰিমগঞ্জ জিলাৰ ৰাইজে ৮ ঘণ্টাৰ বাবেও উপযুক্ত বিদ্যুৎ সেৱা লাভ কৰা নাই । বিদ্যুৎ বিভাগৰ এই দুৰ্বল সেৱাৰ প্ৰতিবাদত যুৱ কংগ্ৰেছ আৰু এনএছইউআইয়ে আজি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক এইদৰে সমালোচনা কৰে । যুৱ কংগ্ৰেছে বৰষুণ-ধুমুহা বা কোনো প্ৰাকৃতিক দুৰ্যোগ নোহোৱাকৈ ধাৰাবাহিকভাৱে অত্যাধিক লোডশ্বেডিঙৰ বাবে এপিডিচিএল কৰ্তৃপক্ষৰ পৰা ক্ষতিপূৰণৰ দাবী জনায় ।
লগতে পঢ়ক:Sonitpur District Youth Congress Protest: তেজপুৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ যুৱ কংগ্ৰেছৰ