আঁতৰ কৰিব বিচাৰিছিল নিচাসক্তি, শেষ কৰি পেলালে জীৱন - ঘাটৰ চন্দননগৰস্থিত নিচামুক্তি কেন্দ্ৰ
Published : Nov 17, 2023, 2:12 PM IST
গোলাঘাট, 17 নৱেম্বৰ :গোলাঘাটৰ চন্দননগৰস্থিত নিচামুক্তি কেন্দ্ৰত অঘটন ৷ নিচামুক্তি কেন্দ্ৰত জীৱনৰ চৰম পন্থা বাচি ল’লে এজন যুৱকে ৷ একো চুইছাইড নোট উদ্ধাৰ হোৱা মৃতদেহৰ ওচৰত ৷ নিচামুক্তি কেন্দ্ৰৰ কৰ্তৃপক্ষই নিচাযুক্ত দ্ৰব্য খাবলৈ নোপোৱাৰ বাবেই যুৱকজনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৷
গোলাঘাটৰ চন্দননগৰস্থি God grace Foundation নামৰ কেন্দ্ৰটোত সংঘটিত হৈছে এই ঘটনা ৷ শ্বিলংৰ এজন যুৱক আহিছিল নিচামুক্তি কেন্দ্ৰটোলৈ ৷ কৰ্তৃপক্ষই জনোৱা মতে, কেন্দ্ৰটোৰ পৰা ওলাই যাবলৈ দিয়া নহয় যুৱকসকলক ৷ হাৰবাট ৰেনগাইজ লিংডো নামৰ ২৬ বছৰীয়া যুৱকজন ১৫ দিন পূৰ্বে আহিছিল কেন্দ্ৰটোলৈ ৷ মৃতদেহ উদ্ধাৰৰ পাচত নিশাই এই কাৰ্য সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছ সকলোৱে ৷ গা-ধোৱা ঘৰত ৰছী বান্ধি ওলমি থকা অৱস্থাত উদ্ধাৰ হয়যুৱকজনৰ মৃতদেহ ৷ নিচাযুক্ত দ্ৰব্য খাবলৈ নোপোৱাৰ বাবেই আত্মহত্যা কৰে জানিবলৈ দিয়ে God grace Foundation ৰ পৰিচালকে ।
ঘটনা সম্পৰ্কে গোলাঘাট সদৰ আৰক্ষী থানাত খবৰ দিয়াত বৰ্তমান ঘটনাস্থলীত দণ্ডাধীশ আৰু গোলাঘাট আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক :Youth dies in rehab centre : নিচামুক্তি কেন্দ্ৰৰ ছাদৰ ওপৰৰ পৰা পৰি মৃত্যু যুৱকৰ