অসম

assam

বিজেপি ৱাৰ্ড মেম্বাৰৰ পুত্ৰৰ গুণ্ডামি

ETV Bharat / videos

Golaghat youth beaten incident: গোলাঘাটত বিজেপি নেতাৰ পুত্ৰৰ গুণ্ডামি; মৰিয়াই আহত কৰিলে যুৱকক - youth beaten up in golaghat

By

Published : Feb 27, 2023, 9:26 PM IST

গোলাঘাট, 27 ফেব্ৰুৱাৰী :  গোলাঘাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ মাৰপিটৰ ঘটনা । গোলাঘাটৰ খুমটাই সমষ্টিৰ অন্তৰ্গত বিজেপি ৱাৰ্ড মেম্বাৰৰ তিনি পুত্ৰৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ উত্থাপন হৈছে । ২৩ তাৰিখে সন্ধিয়াৰ ভাগত গোলাঘাটৰ ৩ নং ভোলাগুৰিত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ মাৰপিটৰ ঘটনা (youth beaten up by bjp leader sons in Golaghat) ।  

হেমন্ত বৰুৱা নামৰ এজন যুৱকক বিজেপি ৱাৰ্ড মেম্বাৰৰ তিনি পুত্ৰই মাৰপিট কৰাৰ অভিযোগ উঠিছে । বিয়লিৰ ভাগত খুমটাই সমষ্টিৰ শেনচোৱা পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য বিমান শ‌ইকীয়াৰ তিনি পুত্ৰ ক্ৰমে হেমন্ত শ‌ইকীয়া, বিশ্বজিৎ শ‌ইকীয়া আৰু সত্যজিৎ শ‌ইকীয়াই স্থানীয় যুৱক হেমন্ত বৰুৱাক বেয়াকৈ মাৰপিট কৰে (Golaghat youth beaten incident) ।  

মাৰপিটৰ ফলত গুৰুতৰভাৱে আহত হেমন্ত বৰুৱাক প্ৰথমে ভৰ্তি কৰোৱা হৈছিল গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত (Youth beaten up in Golaghat) । পৰিস্থিতি অধিক অৱনতি হোৱাত চিকিৎসকে আহত হেমন্ত বৰুৱাক প্ৰেৰণ কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ । আহত হেমন্ত চিকিৎসাধীন হৈ থকা পৰিস্থিতিৰ সুযোগ লৈ তিনি অভিযুক্ত‌ই সংবাদ মাধ্যমৰ আগত ওলোটাকৈহে ঘটনাৰ বিৱৰণ দিয়া আৰু হেমন্ত বৰুৱাৰ বিৰুদ্ধেহে মাৰপিটৰ অভিযোগ দি সংবাদ মাধ্যমক বিভ্ৰান্ত কৰাৰ অভিযোগ কৰিছে হেমন্ত বৰুৱাই ।  

ইতিমধ্যে দুটা দিন যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা সামৰি সুস্থ হৈ এতিয়া আৰক্ষী আৰু সংবাদ মাধ্যমৰ কাষ চাপিছে ভুক্তভোগী হেমন্ত বৰুৱা (youth beaten up by bjp leaders sons) । সমগ্ৰ ঘটনাটোত নিজকে গুণ্ডা ৰূপে পৰিচয় দিব বিচৰা বিজেপিৰ ৱাৰ্ড সদস্য বিমান শ‌ইকীয়াই ভুক্তভোগী পৰিয়ালটোক নানা ভয়-ভাবুকি প্ৰদান কৰি অহাৰো উঠিছে অভিযোগ । আৰক্ষীক মেনেজ কৰি হেমন্তৰ পৰিয়ালক আৰু অধিক হাৰাশাস্তি কৰিব বুলিও ভাবুকি প্ৰদান কৰাৰ অভিযোগ উঠিছে বিজেপি নেতা বিমান শ‌ইকীয়াৰ বিৰুদ্ধে । ভুক্তভোগী পৰিয়ালটোৱে ইতিমধ্যেই ঢেকিয়াল আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ ।

লগতে পঢ়ক :Traggic Accident in Meghalaya : বৰমাৰ ছেইণ্ট জনছ স্কুলত শোকাকুল পৰিৱেশ; দুৰ্ঘটনাত ফাদাৰসহ 6 জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details