অসম

assam

শনিবাৰে গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব যুৱ সদন

By

Published : Feb 10, 2023, 7:18 AM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / videos

Youth assembly in Guwahati: গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে যুৱ সদন

গুৱাহাটী, 10 ফেব্ৰুৱাৰী:অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে যুৱ সদন (Yuva Sadan in Guwahati) ৷ আজিৰে পৰা অৰ্থাৎ শুকুৰবাৰ আৰু শনিবাৰে পুৱা 9 বজাৰ পৰা গুৱাহাটীৰ খানাপাৰাস্থিত ভিভাণ্টা হোটেলত অনুষ্ঠিত হ’ব এই যুৱ সদন ৷ যুৱ সদনত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰি ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰিব ৷  

বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ (Students and Youth Welfare Assam) ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে (Gitartha Goswami) । সংবাদমেলত তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণে বিগত দিনত এই দিশত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ ৰাজ্যখনৰ জনগোষ্ঠীয় ছাত্ৰ আৰু যুৱসমাজৰ কল্যাণৰ বিষয়টো আগবঢ়াই নিবলৈ আৰু নিশ্চিত কৰিবলৈ শেহতীয়াকৈ কিছু নতুন দিশৰ উন্মোচন কৰিছে বুলিও তেওঁ সদৰী কৰে ।

লগতে তেওঁ কয় যে, অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণৰ উদ্যোগত অসমৰ আৰ্থ সামাজিক, পৰম্পৰা, শিক্ষা, ক্ৰীড়া, সংস্কৃতিৰ চৰ্চা আৰু বিকাশ বাবে পৰামৰ্শ গ্ৰহণৰ বাবে প্ৰথমবাৰৰ বাবে জনগোষ্ঠীয় ছাত্ৰ আৰু যুৱ সংগঠনৰ শীৰ্ষ প্ৰতিনিধিৰ সৈতে এখন ‘যুৱ সদন’ আয়োজন কৰা হৈছে (Youth assembly in Guwahati) । অসমত বিভিন্ন জনগোষ্ঠীয় সংগঠন আছে আৰু সেয়েহে এই সম্পৰ্কত তেওঁলোক সকলোৰে চিন্তা-চৰ্চা আমাৰ কাম্য আৰু আদৰণীয় বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে, শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’ব লগা যুৱ সদনত সকলো জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বক সমাৰি লোৱা নহ’ল যদিও পৰ্যায়ক্ৰমে সকলোকে এই কাৰ্যসূচীত সামৰি লোৱা হ’ব বুলিও সংবাদমেলত সদৰী কৰে ৷ লগতে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে জনগোষ্ঠীয় ছাত্ৰ আৰু যুৱ সমাজৰ ভূমিকাই অসমৰ ভৱিষ্যত সমাজ জীৱন সমৃদ্ধ কৰি তুলিব বুলিও আশা প্ৰকাশ কৰে ৷  

লগতে পঢ়ক:Assam Cabinet decisions: বাল্যবিবাহৰ ভুক্তভোগী বালিকাৰ পুনৰ সংস্থাপনৰ বাবে ২,৫৩০ কোটি

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details