অসম

assam

চন্দ্ৰপুৰত বাল্য বিবাহৰ অভিযোগ

ETV Bharat / videos

Crime in Guwahati: বাল্য বিবাহৰ বাবে ৰঙাঘৰৰ আলহী চন্দ্ৰপুৰৰ যুৱক - বাল্য বিবাহৰ বাবে ৰঙাঘৰৰ আলহী চন্দ্ৰপুৰৰ যুৱক

By

Published : Jun 25, 2023, 2:17 PM IST

গুৱাহাটী, ২৫ জুন:বাল্য বিবাহ কৰাটো আইন মতে দণ্ডনীয় । বাল্য বিবাহৰ অভিযোগত আৰক্ষীৰ জালত পৰিল চন্দ্ৰপুৰৰ এজন যুৱক । এগৰাকী ১৩ বছৰীয়া কিশোৰীক বিয়া কৰাই ৰঙাঘৰৰ আলহী হোৱা চন্দ্ৰপুৰৰ পশ্চিম মায়ঙৰ ধীপুঁজিজান পামৰ অঞ্চলৰ যুৱকজন হৈছে অমৰ বিশ্বাস (২৯)।

বাল্য বিবাহ প্ৰতিৰোধী বিষয়া তথা পানীখাইতি গাঁও পঞ্চায়তৰ সচিব পাৰ্থপ্ৰতিম হাজৰিকাৰ এজাহাৰৰ ভিত্তিত আৰু অসম চেণ্টাৰ ফ'ৰ ৰুৰেল ডেভল'পমেণ্ট নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক । ইতিমধ্য়ে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে কিশোৰ গৰাকীক উদ্ধাৰ কৰাৰ লগতে POCSO আইনৰ অধীনত ৯/১০/১১  ধাৰাত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত ৮৮/২৩ নম্বৰত এটি গোচৰ ৰুজু কৰে । আৰক্ষীয়ে অভিযুক্ত আদালতত হাজিৰ কৰোৱাত আদালতে জেললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Allegations of corruption at Govt school : শিক্ষাৰ্থীৰ বাবে অহা চৰকাৰী চাউলেৰে খক পূৰণ কৰাৰ অভিযোগ শিক্ষক লালমামুদৰ বিৰুদ্ধে !

ABOUT THE AUTHOR

...view details