অসম

assam

Crime in Guwahati: মহানগৰীত পিষ্টলসহ যুৱকক আটক

By

Published : Apr 2, 2023, 9:51 PM IST

অসম গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সমীপত পিষ্টল উদ্ধাৰ

গুৱাহাটী, ১ এপ্ৰিল:মহানগৰীৰ পানীখাইতি অঞ্চলত এজন যুৱকৰ লগত এটা পিষ্টল উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ (Pistol recovered in Guwahati)। পানীখাইতিস্থিত অসম গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰৰ মূল গেটৰ সমীপত দেওবাৰে দিনৰ ভাগত উদ্ধাৰ হয় এই পিষ্টলটো (Assam Home Guards Training Centre at Panikhaiti)। পিষ্টলটোৰ লগতে আৰক্ষীয়ে স্কুটীসহ এজন যুৱকক আটক কৰে । অৱশ্য়ে এই ঘটনাৰ লগত জড়িত আন এজন যুৱক বৰ্তমান পলাতক অৱস্থাত অৱস্থাত আছে ।  

মহানগৰ আৰক্ষীৰ জালত পৰা  যুৱ জন হৈছে পানীখাইটি অঞ্চলৰ অনিৰুদ্ধ ছান্দ (Youth arrested in Guwahati)। আনহাতে,পলাতক যুৱকজন পাপু বৰা বুলি আৰক্ষীয়ে সদৰি কৰিছে । সম্প্ৰতি পানীখাইতি আৰক্ষী চকীত ৰখা হৈছে ধৃত যুৱকজনৰ লগতে পিষ্টলটো । অভিযোগ অনুসৰি পাপু বৰা নামৰ পলাতক যুৱকজনে পিষ্টল লৈ অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ।

লগতে পঢ়ক:Corruption in Rupshi development block: চৰকাৰী গছ কাটি বিক্ৰী কৰা বিষয়াৰ বিৰুদ্ধে তদন্তৰ দাবী

ABOUT THE AUTHOR

...view details