Theft incident in Moran: কাকনো বুলিব আপোন যেতিয়া বান্ধৱীয়েই ঠগে মৰমৰ বান্ধৱীক - মৰাণহাট থানা
Published : Oct 16, 2023, 11:12 AM IST
ডিব্ৰুগড়, 16 অক্টোবৰ: বন্ধুত্বৰ সম্পৰ্কত কালিমা সানিলে এইবাৰ এগৰাকী প্ৰৱঞ্চকে । বন্ধুত্বৰ সম্বন্ধ 8 বছৰৰ । 8 বছৰীয়া বন্ধুত্বৰ অন্তত বান্ধৱীৰ পৰাই স্কুটী চুৰি কৰি লৈ গৈ বন্ধুত্বৰ সম্পৰ্কত কালিমা সনাৰ অভিযোগ ভুক্তভোগীৰ । এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় জিলাৰমৰাণত ।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, মৰাণৰ খটখটিত ভৱানী কৰ্মকাৰ নামৰ মহিলাগৰাকী বিয়াৰ পূৰ্বে আছিল তিনিচুকীয়াত । কৰ্মসূত্ৰে তিনিচুকীয়াত থাকোতে চিনাকী হৈছিল টীয়কৰ এগৰাকী যুৱতীৰ সৈতে । তেতিয়াৰে পৰাই দুয়ো বান্ধৱী । ভৱানী কৰ্মকাৰ মৰাণৰ খটখটীলৈ বিয়া হৈ অহাৰ পিছতো যুৱতীগৰাকী ভৱানীৰ ঘৰলৈ মাজে সময়ে আহে ।
যোৱা 23 আগষ্টত ভৱানী কৰ্মকাৰ ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি যুৱতীগৰাকীয়ে আলমাৰীৰ তলা খুলি স্কুটীৰ নথি-পত্ৰসহ ভৱানীৰ স্কুটীখন লৈ গ'ল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভৱানী কৰ্মকাৰে । উপায়হীন ভৱানীয়ে বান্ধৱীৰ বিৰুদ্ধে মৰাণহাট থানাত এজাহাৰ দিয়ে । এজাহাৰৰ ভিত্তিতে তিনিচুকীয়াৰ বাৰেকুৰি থানাই আটক কৰে অভিযুক্তগৰাকীক ।
মৰাণহাট আৰক্ষীৰ জেৰাত অভিযুক্তগৰাকীয়ে স্কুটীখন মাৰ্ঘেৰিটাৰ এটা ডিলাৰত 30 হাজাৰ টকাত বিক্ৰী কৰা বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়াত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্কুটীখন ।
লগতে পঢ়ক:Traditional weaving : অসমীয়া পৰম্পৰাগত সাজপাৰ প্ৰস্তুতত ব্যস্ত মেঘালয়ৰ একাংশ শিপিনী