Young died from collapsed bridge: ভগ্ন দলঙৰ পৰি এজন যুৱকৰ কৰুণ মৃত্যু
শোণিতপুৰ জিলাৰ মিছামাৰীৰ বেলশিৰি নদীত দেওবাৰে এক দুঘৰ্টনা সংঘটিত হয় । পকীৰ দলঙৰ ভগ্ন অংশৰ পৰা চাইকেলসহ নৈত বাগৰি পৰাত এজন যুৱকৰ কৰুণভাৱে মৃত্যু হয় (Young died from collapsed bridge) ৷ যুৱকজনৰ মৃতদেহটো স্থানীয় লোকে উদ্ধাৰ কৰে ৷ মৃত যুৱকজনৰ নাম কৃষ্ণা বৰা ৷ উল্লেখ্য যে, বিগত ১৮ জুনত বৰবিল পাকুৰিগুৰি গাঁৱৰ মিছমাৰী-বেলশিৰি-ঢেকীয়াজুলি সংযোগী পথচোৱাৰ বেলশিৰি নৈখনৰ ওপৰত থকা পকীৰ দলংখনৰ এটা অংশ মাটি বাঢ়নি পানীয়ে খহাই নিছিল । দলঙখনৰ ভগ্ন অংশত লোক নিৰ্মাণ বিভাগে বিগত প্ৰায় চাৰি মাহে বিপদজনক সংকেতৰ ফলক আঁৰি নিদিয়াৰ ফলত এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উঠিছে স্থানীয় লোকে । ইফালে বেলশিৰি নৈখনৰ (Belsiri River at Rangapara) ওপৰত থকা পকী দলঙখনৰ সৈতে সাজি লোৱা বাঁহৰ দলঙখনৰ ওপৰেদি অহা-যোৱা কৰি আহিছে প্ৰায় ৫২ খন গাঁৱৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে । বাঁহৰ দলংখনৰ পৰি একাংশ লোক আহত হোৱাৰ অভিযোগ উঠিছে ।
Last Updated : Feb 3, 2023, 8:30 PM IST