অসম

assam

CRPFৰ দশম বেটেলিয়নৰ যোগ প্ৰশিক্ষণ কাৰ্যসূচী

ETV Bharat / videos

Yoga Training Programme: CRPFৰ দশম বেটেলিয়নৰ যোগ প্ৰশিক্ষণ কাৰ্যসূচী

By

Published : May 30, 2023, 4:37 PM IST

বৰপেটা,৩০ মে': ২১ জুনত অনুষ্ঠিত হ'বলগা যোগ দিৱসক লৈ CRPFৰ দশম বেটেলিয়নৰ বিশেষ কাৰ্যসূচী ৷ বৰপেটা সত্ৰৰ ভকত আৰু আইমাতৃসকলক যোগ প্ৰশিক্ষণ প্ৰদান কৰে (Yoga Training Programme) CRPFৰ দশম বেটেলিয়নৰ জোৱানসকলে ৷ বৰপেটাৰ হাউলীত অৱস্থিত CRPFৰ দশম বেটেলিয়নে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে এইদৰে বৰপেটা সত্ৰত অনুষ্ঠিত কৰে যোগ প্ৰশিক্ষণ শিৱিৰ (Yoga Training Programme of 10th Battalion of CRPF in Barpeta) ৷  

বিশেষকৈ যোগৰ জৰিয়তে কিদৰে এটা নিৰোগী জীৱন লাভ কৰিব পাৰি আৰু বয়সৰ লগে লগে দেহত দেখা দিয়া উচ্চ ৰক্তচাপ, মধুমেহ, কঁকাল, আঠু বা দেহৰ আন বিষ উপশম কৰিব পাৰি সেই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ সত্ৰৰ ভকত আৰু আইমাতৃসকলৰ সহায়ৰ বাবে, লগতে সত্ৰখনত অনুষ্ঠিত যোগ প্ৰশিক্ষণ শিৱিৰৰ কাৰ্যসূচীৰ বাবে CRPFৰ দশম বেটেলিয়নৰ শলাগ লয় সত্ৰ পৰিচালনা সমিতিয়ে ৷ 

লগতে পঢ়ক:AYM protest in Lakhimpur : লখিমপুৰত অৰ্ধ উলংগ হৈ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details