International Yoga Day: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ব্যাপক আয়োজন - Maridhal college
ধেমাজি,20 জুন: বুধবাৰে আন্তৰাষ্ট্ৰীয় যোগ দিৱস ৷ যোগ দিৱসৰ লগত সংগতি ৰাখি ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থা আৰু আৰোগ্য যোগ কেন্দ্ৰৰ সহযোগত জিলাখনত জোনাইৰ পৰা গোগামুখলৈকে বিভিন্ন যোগ কেন্দ্ৰত বুধবাৰে পুৱাৰে পৰা যোগ দিৱস পালন কৰিব ৷ ইয়াৰ বাবে জিলাখনৰ বিভিন্ন যোগ কেন্দ্ৰসমুহত পূৰ্ণগতিত চলিছে প্ৰস্তুতি আৰু অনুশীলন ৷ ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ সম্পাদক ফুলেন দাসে জনোৱা মতে কাইলৈ ধেমাজি সদৰত আৰোগ্য যোগ কেন্দ্ৰ আৰু ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক মহাবিদ্যালয়ৰ যৌথ উদ্যোগত বালিকা মহাবিদ্যালয়ৰ সভাগৃহত যোগ দিৱস পালন কৰিব ৷
লগতে জিলাখনৰ মৰিধল মহাবিদ্যালয় ,চিচিবৰগাঁও মহাবিদ্যালয় ,ধেমাজি মহাবিদ্যালয় ,জামুগুৰি পাঁচআলি উচ্চ মাধ্যমিক বিদ্যালয় আদি বিভিন্ন ঠাইত আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিব ৷
লগতে পঢ়ক:Assam Flood 2023: উজনি-নামনি ৰে’ল সেৱা স্তব্ধ হোৱাৰ আংশকা