অসম

assam

সুলভ মূল্যৰ চাউলত প্লাষ্টিক

ETV Bharat / videos

Plastic rice controversy:প্লাষ্টিক চাউল মিহলিৰ অভিযোগ যুৱ ছাত্র পৰিষদৰ - Plastic rice controversy

By

Published : Jul 19, 2023, 7:17 PM IST

Updated : Jul 19, 2023, 7:36 PM IST

যোৰহাট, ১৯ জুলাই :ৰাজ্য চৰকাৰে দৰিদ্ৰৰ বাবে আৱন্টন দিয়া সুলভ মূল্যৰ চাউল জনস্বাস্থ্যৰ প্ৰতি কিমান নিৰাপদ তাক লৈ এতিয়া প্ৰশ্ন উথাপন হৈছে? কাৰণ সুলভ মূল্যৰ চাউল লাভ কৰা এগৰাকী ব্যক্তিয়ে ক্ৰয় কৰা চাউলত প্লাষ্টিক দ্ৰব্যৰ সংমিশ্ৰণ থকা বুলি অভিযোগ কৰাৰ পিচতেই  এই প্ৰশ্নৰ অৱতাৰণা কৰিছে যোৰহাট জিলা যুৱ ছাত্র পৰিষদে ।

সংমিশ্ৰণযুক্ত চাউল ঘৰুৱা পদ্ধতিৰে পৰীক্ষা কৰা পিছত চাউলে যিটো আকাৰ ল'ব লাগে ,সেয়া দেখা নোপোৱাৰ কথা অৱগত হৈ যোৰহাট জিলা যুৱ ছাত্র পৰিষদে প্লাষ্টিক সংমিশ্ৰণ চাউল লৈ আহে যোৰহাট খাদ্য সুৰক্ষা বিভাগ কাৰ্যালয়লৈ । খাদ্য সুৰক্ষা বিভাগৰ কাৰ্যালয়ৰ পৰা উক্ত বিষয় সম্পৰ্কে যোৰহাট জিলা যুৱ ছাত্র পৰিষদ সাধাৰণ সম্পাদক বাবু দত্তই জিলা উপায়ুক্ত পুলক মহন্তক অৱগত কৰে । জিলা উপায়ুক্তগৰাকীয়ে এই বিষয়টো তদাৰকৰ বাবে এগৰাকী অতিৰিক্ত উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ লগত আলোচনা  কৰিবলৈ কয় ।

আনহাতে, যোৰহাটস্থিত খাদ্য সুৰক্ষা বিভাগেও এই বিষয়টো সম্পৰ্কে অধিক জানিবৰ বাবে প্লাষ্টিক সংমিশ্ৰিত চাউল সংগ্ৰহ কৰে । ইপিনে, এই সংমিশ্ৰিত চাউল জনস্বাস্থ্যৰ প্ৰতি কিমান উপকাৰী সেয়া অধ্যয়ন কৰিহে জনসাধাৰণৰ বাবে উপলব্ধ কৰিবলৈ আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ যোৰহাট জিলা সমিতিয়ে।

লগতে পঢ়ক:Intellectual training camp in Lakhimpur: SP আনন্দ মিশ্ৰই গতিয়াই আটক কৰিলে HYCPৰ সভাপতিক

Last Updated : Jul 19, 2023, 7:36 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details